Story By-Tapanb Payeng |
মুকুতাৰ চশমা(কল্পবিজ্ঞান গল্প)
মুকুতা আজি উৎফুল্লিত ,বিদ্যালয়ত পুৰস্কাৰ বিতৰণ কৰিব এইবছৰৰ আটাইতকৈ শতাংশ বেছি পোৱা ছাত্ৰ বা ছাত্ৰীক আৰু এই পুৰস্কাৰ পোৱা ছাত্ৰজন হ'ল মুকুতা ।মঞ্চৰ টেবুলসমূহত শাৰী শাৰীকৈ প্ৰধান শিক্ষকৰ পৰা ধৰি বিদ্যালয়ৰ শিক্ষকসকলেওঁ বহি আছে । মুকুতাহঁতৰ শ্ৰেণীৰ ভিতৰত আটাইতকৈ কাণ চেপা দিয়া জয়া বাইদেওঁৱে সৰ্বশ্ৰেষ্ঠ নম্বৰ প্ৰাপ্ত ছাত্ৰক হাঁহিমূখেৰে মুকুতাক পুৰস্কাৰ ল'বলৈ মঞ্চলৈ মাতিছে ।তেনে সময়তে প্ৰেক্ষাগৃহত থকা ছাত্ৰ-ছাত্ৰীৰ পৰা ধৰি অভিভাৱকসকলে হাত-চাপৰৰে মুকুতাক উপচাই পেলাইছে।মুকুতাই নিজেই আচৰিত হৈ যায় মই কেনেকৈ সকলোতকৈ বেছি নম্বৰ পালো ।এনে সময়তে মুকুতাৰ মা-দেউতাৰ পিছফালে থকা নিলয়ৰ দেউতাকে মুকুতাৰ মাক সুধিছিল। নিলয় মুকুতাৰ সহপাঠী ।
:- অহ বাইদেওঁ ,মুকুতাক এই এবছৰতে কি খুৱাছিলে অহ ,সি দেখোন বহুত পৰিৱৰ্তন হ'ল আগতকৈয়ো ।
নিলয়ৰ মাকৰ কথা শুনি মুকুতাৰ মাক-দেউতাই আগলৈ চায় মিছিকিয়া হাহিঁ মাৰি বহি থাকিল । ইফালে ক'য় ন'হয় য'ত কোনোবা এজনৰ উন্নতি হ'য় ,তেতিয়া তেওঁৰ বিষয়ে আলোচনা কৰিবলৈ ধৰে ।এনে পিছফালৰ পৰা নিলয়ৰ মাকক কয় ,লাহে লাহেকৈ ফুচফুচাই
:- অহ বাইদেও মন কৰিছানে নাই?
:- কি ?
:- মুকুতাই আগত চশমা পিন্ধিছিলেনে ?
:- অহতো ! আগততো পিন্ধা নাছিলে ।
:- আগত কিমান দুষ্ট আছিল এতিয়াচোৱা কিমান ভদ্ৰ ,সম্পুৰ্ণ পৃথক আগৰ মুকুতা আৰু এতিয়াৰ ।
:-সচাকৈ !
:- কিবা মন কৰিছানে?
:- কি?
:- এই চশমাটো চাহঁক ? শুনিছো এই চশমাটো এজন বাবাৰ পৰা লৈছিল ,এই চশমাৰ কাৰণে মুকুতা আজি!!!
:- হেহ...
নিলয়ৰ মাকে তেখেতৰ কথাশুনি অবাক । ভিতৰি ভিতৰি ভাৱিছে যেন কথাটো সচানেকি বাৰু। নিলয়েতো কৈছিল ,মুকুতা সকলো সময়তে খেলি থাকে কোনো বেমাৰেই তাৰ গাত লাগি পোৱা নাই।নিলয়েতো এইটোও কৈছিল যে শ্ৰেণীৰ ভিতৰত আটাইতকৈ দুষ্ট ল'ৰাজন সিয়েই, নিলয়ৰ পিছফালে বহি কাপোৰখিনি আগ-বাগ কৰাৰ পৰা ধৰি,জিৰণিৰ সময়ত বেলেগৰ টিফিন চুৰ কৰা আৰু চাইকেলৰ পাম্প খোলা ,নিতৌ বিদ্যালয়ৰ চৌহদত হাতুখাৰি বহাতো মুকুতাৰ দৈনন্দিন কাম আছিল । অকস্মাতে এনেকৈ সলনি হোৱা কথাটো ভাৱিলগীয়া ,নে এই পিন্ধা চশমাটো যাদুকৰী চশমা ন'হয়টো ॥
মুকুতাক পুৰস্কাৰটো দি ,প্ৰধান শিক্ষকে মুকুতাৰ জৰিয়তে বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য দুহাষাৰ কয় আৰু প্ৰশংসাৰে উপচাই পেলায় । কয় ন'হয় আগতে কি আছিল এইবোৰ সকলো সময়ৰ লগযে বিলিন হৈ যায় যেতিয়া আমি ভাল কাম হাতত তুলি লওঁ ঠিক মুকুতাৰ লগতো হৈছিল। ৰ'বা মুকুতাৰ কাহিনীটো আৰম্ভণিৰে পৰা কওঁ,
মুকুতা তেতিয়া তৃতীয় শ্ৰেনীত পঢ়িছিল। পঢ়াৰ প্ৰতি গুৰুত্ব নাথাকে কিন্তু যি পঢ়ে সম্পুৰ্ণ মনোযোগেৰে আৰু এইকণ সময়তে যিমান মনত ৰাখিব পাৰে ,এইটোৱেই ।
এদিন দুপৰীয়া বুধবাৰ আছিল, শালমৰাত প্ৰতিটো বুধবাৰ আৰু শনিবাৰে হাট বহিছিল । জিৰণিৰ সময়ৰ ধেমালীতে ইহঁতৰ শ্ৰেণীৰে নিখিল নামৰ লৰা এজনৰ লগত কাজিয়া কৰি, নিখিলৰ কাপোৰৰ অৱস্থা বেয়া কৰি দিছে ,ইফালে মুকুতাৰ ঘৰত সন্তান বুলিবলৈ কেৱল মুকুতাই কিবা ভূল কৰিলেওঁ একো কৰিব নোৱাৰি ,মৰমত ডাঙৰ হোৱা। মুকুতাৰ মাকে টেলিভিজনত অসমীয়া ধাৰাবাহিক "বেহৰবাৰী হাউটপষ্ট"ৰ লুটুকন আৰু বীৰৰ কৌতুকৰ ভাওঁ চাই আছিল এনেসময়তে চৌপাতে থোৱা মোবাইলখন বাজি উঠিল ,মোবাইলত কলাৰত মুকুতাহঁতৰ শ্ৰেনী শিক্ষক জয়া বাইদেওঁ । মুকুতাৰ মাকে ভাৱিব লৈছে ,নিশ্চয় আকৌ মুকুতাই কিবা এটা গণ্ডগোল লগালে,ন'হলেনো ফোন কৰিবনে ? কিবা এটা প্ৰকাৰ হ'লেওঁ মনতো শান্তি বাবে ফোনটো ৰিছিব কৰিলে ,আৰু জয়া বাইদেওঁৱে উচপ খাই কলে,
:- বাইদেওঁ ,আপুনি এতিয়াই আহিবছোন স্কুললৈ !
:- হ'ব বাইদেওঁ ! আহি আছো ।
মুকুতাৰ মাকে জয়া বাইদেওঁৰ কথাশুনি ,লৰা-লৰিকৈ বিদ্যালয়লৈ ওলাল।এইবাৰবা লৰাই কি কাণ্ড বা কৰিলে । যেনিতেনি ইৰিক্সাত উঠি বিদ্যালয় পালেগৈ ,বিদ্যালয়ৰ চৌহদত লাহেকৈ মুকুতাই থিয় হৈ আছে যেন সি একোৱেই কৰা নাই সিফালে তাৰ কাষত থকা নিখিলৰ নাকে-মুখে তেজ ওলাই অৱস্থা নাই । প্ৰধানশিক্ষকৰ কাৰ্যালয়ত বেচেৰী মুকুতাৰ মাক মুকুতাৰ বাবে কথা শুনিবলগীয়া হৈছে বিভিন্ন ধৰনে
:- আপোনাৰ লৰা যদি এনেকৈয়েই যদি হুলস্থুল লগাই থাকিলে কিন্তু ন'হব ইয়াক স্কুলৰ পৰাই উলিয়াই দিম? ইয়াৰেই কম্প্লেইন কিমান শুনিম? প্ৰধান শিক্ষকৰ কথা শুনি মুকুতাৰ মাকে তলমূৰ কৰি প্ৰধান শিক্ষকৰ কাৰ্যালয়ৰ পৰা প্ৰস্থান কৰে । এনেসময়তে প্ৰস্থান কৰোতে শ্ৰেনীশিক্ষক জয়া বাইদেওৱে মাত মাতে,
:- আপোনাৰ লৰাটো ঘৰত নপঢ়েনেকি? ইয়াতো একো মনোযোগ নিদিয়ে,কালিৰ প্ৰশ্ন এটা সুধিছিলো একোৱেইছোন পাৰা নাই সি?
:- পঢ়ে ,বাইদেওঁ! কিন্তু কম সময় পঢ়ে?
:- বাকীখিনি সময়ত সি কি কৰে ?
:- টিভিত কাৰ্টুন চায়।
:- কেনেকুৱা কাৰ্টুন ?
:- স্পাইডাৰ মেন ।
মুকুতাৰ মাকে লাজৰ ৰূপখন লুকুৱাই স্কুলৰ পৰা প্ৰস্থান কৰিলে। সিফালে মুকুতাৰ মাকে মুকুতাক ক'লে একো কথাই নুশুনে মাকৰ ,ৰহ!ছোন ঘৰ গৈ পায় লওঁ তাৰ পিছত ঠিকছে এছাৰি দিম । পিছে কিমাননো মাৰিম মুকুতাক, নিজৰেই হাত বিষাই গৈছে মাৰোতে মাৰোতে এই বুলি নিজৰ মাজতে মুকুতাৰ মাকে ভাৱি ভাৱি মুকুতাক লৈ ই-ৰিক্সাত উঠি গৈছে ঘৰলৈ। ঘৰ গৈ পায়েই ভৰি-হাত নুধুৱাকৈয়ে বেগ বিচনাত পেলাই টিভিৰ কাষত বহিবলৈ ধৰে । স্পাইদাৰ মেন বুলি ক'লে পাকঘৰৰ মাকে ভাত বুলি চিঞৰিলেওঁ একো গুৰুত্ব নিদিয়ে । সি ইমানেই ভাল পাই যে গোটেই ৰুমটোত চুপাৰহিৰৰ ফটোৱেই আছে ।যেনিতেনি প্ৰকাৰ হ'লেওঁ মাকে মুকুতাক ভাত এসাজ খুৱাইছেগৈ । এনেসময়তে কলিং বেল বজাই,মাকে খুলি আহি দেখে যে মুকুতাৰ দেউতাক দৰ্জাৰ সমুখতে ৰৈ আছে,ৰৈ থকা দেখি সুধিলে,
:- আজি ইমান সোনকালে ঘৰলৈ আহিলেগে যে ?
:- অহওঁ ! বেংকৰ প্ৰাক্তন কৰ্মচাৰী এজন ঢুকাল আজি!
:- অহ ! অহ!
এনেমসয়তে ,মুকুতাই পাকঘৰৰ পৰা ওলাই আহে । মুকুতাক দেখি ,দেউতাকে মাতে ধেমেলীয়া সুৰত
:- কিহে মুকু আজি বোলে আকৌ এজনক ডুলাই দিলে বোলে।দেউতাকৰ কথাত মুকুয়ে কয়
:- য়েচ পাপা ।
:- ডেটচ মায় বয় ।এইবোৰ কথাশুনি মুকুতাৰ মাকে পাকঘৰৰ পৰা আহি মাত দিয়ে
:- শুনিছেনে ,এইবোৰ চব আপোনাৰ যশস্যাত ,একো ঠানকৈয়ো ক'ব নোৱাৰা আৰু মই ঠানকৈ কলেওঁ সদায় তাৰ পক্ষ মাত দিয়!
মুকুতাৰ মা'ৰ কথা শুনি বহা চৌপাৰ পৰা মাত দিয়ে ,চিঞৰৰ সুৰত
:- হ'ব হ'ব । বেছি ন'কবা ,মোৰ লৰাক।
এনেতে পাকঘৰৰ মুকুতাৰ মাকে হাতত চাহ লৈ ওলাই আহি ক'য়
:- আপুনি জানেনে আজি সি কি কি কৰিলে !
:- জানো অহ! সৰু ল'ৰা ,সি এতিয়া বুজি নাপায়,এইবোৰ কথা ।
:- আজি ইমানেই লাজ পাইছো ন'হয়,হেড চাৰে চবৰ আগতে কথা শুনাইছে ! ঘৰতো ন'পৰে স্কুলত কিবা বাইদেওঁহতে লিখিব কলে নিলিখে ! কিযে কৰো ইয়াক।
কথাষাৰ শুনাৰ লগে লগে দেউতাকে মুকুতাক মাতে,কোমলকৈ
:- অহ ! মুকু
মুকুতাই দেউতাৰ কথা নুশুনাৰ দৰে টিভি চাই আছিল তেনে সময়তে এইবাৰ ঠানকৈ মাতিলে
:- ঐ মুকুত.....
যোৰকৈ মাতাৰ কাৰণে লাহেকৈ ভয়তে ওলাই আহি দেউতাৰ আগত ৰৈ দিয়ে । আৰু দেউতাকে ক'য়
:- এইটো তুমি বহুত বেয়া কাম কৰিছা ন'হয় । কাজিয়ালৈকে ঠিকেই আছিল , স্কুলত বাইদেওৱে কিবা লিখিবলৈ দিলে একো নিলিখা ?
দেউতাকৰ ৰঙা চকু কপালৰ খঙাৰ শিৰ দেখি লাহেকে থাকে ।লাহেকৈ থকা দেখি দেউতাকে মুকুতাক কয়
:- আজি কিবা হোমৱৰ্ক দিছেনে ?
:- দিছে !
:- এই হোমৱৰ্কটো নকৰালৈকে বাহিৰলৈ খেলিবলৈ ওলাই যাব নোৱাৰিবি,ন'হলে এক্কে চ'ৰে !
দেউতাৰ এই অগ্নিশৰ্মা ৰূপ দেখি লাহেকৈ ৰুমৰ ভিতৰলৈ যায়। এনেকে অগ্নিশৰ্মা ৰূপ দেখে মা'কে লাহেকৈ ক'য়
:- ইমান ঠানকৈ ন'কবি অহ সি ভয় কৰিব !
:- ইয়াক মৰম কৰি কৰি বেছি হৈছে ,বাপেকৰ খঙটো চিনি পোৱা সি? দেউতাকে মুকুতাই শুনক বুলি ডাঙৰকৈ ক'য়। দেউতাকে হাতত গামোছা লৈ স্নানাগাৰলৈ সোমাই যায় । আৰু মাকে চৌপাত বহি আকৌ ধাৰাবাহিক "হৃদয় এক বিজ্ঞাপন নাম'ৰ চিৰিয়েলখন চাবলৈ ধৰে ।
লাহে লাহে অপৰাহ্ন বেলিকাত বেলিয়েওঁ পশ্চিমত লুকাবলৈ চেষ্ঠা কৰিছে কিন্তু মুকুতাই দেউতাৰ খঙতে কোৱাৰ ভয়ত আৰু অভিমানতে খেলিবলৈকো যোৱা নাই ৰুমৰ ভিতৰতেই আছে । মাকে মৰমতে খাবলৈয়ো মাতিছে । একো মাত বোল নকৰাকৈ আছে । সিফালে বুধবাৰ বুলি সন্ধিয়াৰ বজাৰত দেউতাকে মুকুতালৈ বুলি নবীনৰ দোকানৰ পৰা চশমা খিনিছে কিবা এটা বুদ্ধি কৰিবৰ বাবে। ভিতৰি ভিতৰি মুকুতাৰ দেউতাকে ভাৱিছে মুকুৱে এইটো ভাল পাব পিন্ধি ॥ সিফালে গাৱৰ জিতেনে বিক্ৰি কৰা মাগুৰ মাছ কিনি লৈ গৈছে ঔ-টেঙাৰ লগত খাবলৈ ।গেটৰ সমূখতে দেউতাৰ গাড়ীৰ হৰ্ণ শুনাৰ পাছতো ওলাই যোৱা নাই মুকুতাই। গাড়ীৰ পৰা নামি ডেকিখন খুলি মাছৰ টোপোলটো লৈ মুকুতাৰ মা'কৰ হাতত থামি দিছেগৈ । আৰু এনেতে ক'লে
:- সি কি কৰি আছে ! আজি নিজানৰ লগত ক্ৰিকেট খেলিলেনে ?
:- নাই অহ! তোমাৰ খঙৰ ৰূপ দেখি ভয়তে ওলাইয়েই যোৱা নাই,
:- অহ ! ৰ'বা মই যাওঁ তাৰ ওচৰলৈ
:- দৰ্জা বন্ধ কৰি থৈছে ।
:- ৰ'বা ,,সি কেনেকৈ নোখোলে চাম ন'হয়! দেউতাকৰ কথাত মাক
:- অহ ! অহ ! মুকুৰ দেউতাক ঠানকৈ ন'কবা দেই...
দেউতাকে মুকুতাৰ ওচৰলৈ যায় আৰু মাত দিয়ে ,মৰমেৰে
:- অহ ! খোলাহিছোন দৰ্জাখন ,চোৱাছোন তোমাৰ কাৰণে কি আনিছো?
মুকুতাই দেউতাকৰ কথা শুনি কোনো পদ্যে ৰ'ব নোৱাৰি তথা-থয়াকৈ দৰ্জাখন খুলিলে আৰু তল মূৰ থাকিল । মুকুতাৰ তল মূৰ কৰি থকা দেখি জেপৰ পৰা চশমাখন ওলিয়াই দেখুৱাই আৰু ক'য়
:- সেইয়া চোৱা তোমাৰ কাৰণে কি আনিছো ? তুমি যে কৈছিলা যাদুকৰী চশমা ! সেইয়া চোৱা ,পিন্ধি চোৱাছোন ?
যাদুৰ চশমা নাম শুনাৰ লগে লগে যেন মুখত হাহিঁ বিৰঙিব ধৰিছে দেউতাকৰ হাতৰ পৰা লৈ পিন্ধি মা'কৰ ওচৰলৈ যায় । মাকৰ ওচৰত আহি হাহিঁ হাহিঁ ক'য়
:- মা মা চোৱা ! সেইয়া কি পিন্ধিছো ?
:- আহ ইমান ধুনীয়া কোনে আনি দিছে ?
:-দেউতাই....!!! এতিয়াৰে পৰা মইয়ো চুপাৰ হিৰো হ'ম...॥
যেন এতিয়া সৰ্বস্ত সংসাৰৰ সুখযেন কেৱল মুকুতাৰ মুখতেই । চশমাখন পিন্ধি ৰুমৰ ভিতৰত স্পাইডাৰমেন এক্সনৰ পৰা ধৰি গ্ৰীনলেন্তাৰ্ন ,আইৰনমেন ,চুপাৰ মেন লৈকে । ইটোৰ পৰা সিটোলৈকে দৌৰি ফুৰিছে । মুকুতাৰ আনন্দৰ মাজতে মাকে ডাইনিং টেবুললৈ মাতিলে আটাইকেইটা একেলগে বহি চাহ খাব ।ইফালে মুকুতাৰ গাত-তৎ নাই ,তাৰ মাজতে দেউতাকে মুকুতাক ক'লে
:- মুকু....চাহঁটো খাই লোৱাছোন ন'হলে ঠাণ্ডা হ'বহি !!
দেউতাকৰ কথা একান্তমনে শুনি ,চাহঁৰ কাপখন লৈছে তাৰমাজতে আকৌ , বুদ্ধি এটা পাঙি ,মুকুতাক কেনেকৈ ভাল ল'ৰা কৰিব পাৰি,পঢ়া-শুনাৰ পৰা ধৰি সকলো দিশত কেনেকৈ কানসাৰ কৰাব পাৰি এইটো উদ্দেশ্যতেই দেউতাকে মুকুতাক ক'লে
:- শুনাছোন ! মুকুতা,তুমি এই চশমাৰ পৰা চুপাৰ পাৱাৰ পাবলে মন আছেনে ?
দেউতাকৰ কথাশুনি উচপ খাই উঠে আৰু ক'য়
:- কিয় ন'হয় পাপা,,মই চুপাৰ হিৰ হ'মেই
:- তুমি চুপাৰ হিৰ হ'ব পাৰিব কিন্তু
:-কি কিন্তু দেউতা,
:- তুমি সকলো কাম আখৰে আখৰে পালন কৰিব পাৰিবা জানো?
:- কেনেকুৱা কেনেকুৱা কাম
:- স্কুলত কাজিয়া কৰিব নোৱাৰিব,বাইদেওহতে কোৱা কথাবোৰ মানিব লাগিব,ঘৰতো পঢ়িব লাগিব ....এইবোৰ...॥
এইবাৰ মুকুতাই একদম ইচ্ছুক হৈ ,মুঠতে সি চুপাৰ হিৰ হ'বই ॥ দেউতাকৰ কথাত মুকুতাই ক'লে
:- মই ,কিয় নোৱাৰিম পাৰিমেই দেউতা! মই চুপাৰ হিৰ হ'মেই।
:- কিন্তু তুমি তোমাৰ চশমাৰ কথা স্কুলত আন কাকো ন'কবা এইটো কথা তুমি মই তোমাৰ মা'ৰ বাহিৰে কোনেওঁ নাজানে ! আৰু স্কুলত একদম ঠাণ্ডা হ'বা ,স্কুলত হুলস্থুল কৰোতে চশমা কেনেবাকৈ মাটিত পৰি যায় তেতিয়া একো কাম নিদিব পিছলৈ ।
:- হ'ব দেউতা ।
সকলোবোৰ কথা শুনি,মাকে মিছিক-মাছাককে হাহিঁছে ,এই মিছিক-মাছাক হাহিঁ থকা দেখি মাকক নাহাহিঁবলৈ দেউতাকে ইংগিত দিছে ন'হলে মুকুতাই মিছা বুলি গ'ম পাব। এইবোৰ কথা কোৱাৰ লগে লগে যেন সচাকেই মুকুতাৰ গা'ত চুপাৰ হিৰ হোৱাৰ ভূতে লম্ভিছে । ভৰি হাত ধুই প্ৰাৰ্থনা ঘৰত প্ৰাৰ্থনা কৰিব গৈছে ।
তুমি চিত্ত বিথী মোৰ
প্ৰৱৰ্তক নাৰায়ণ....॥
সি সচাকৈ পৰিৱৰ্তন হ'ল । সি এতিয়া ঘৰতো শান্ত মা-দেউতাকো অশান্তি নিদিয়ে । ঘৰত সকলোতকৈ আগত সি সোণকালে উঠে ।
পিছদিনা যেন নতুন অৱতাৰ ,এক চুপাৰ হিৰ,চশমা পিন্ধি। ভেন গাড়ীত স্কুললৈ ওলাল।
সময় ন'বাজিল ,প্ৰাতঃসভা হোৱাৰ পাছত সকলো শ্ৰেণীকক্ষলৈ ঘৰা-ঘৰি হয়। শ্ৰেণী জয়া বাইদেওঁৱে সোমাইয়েই ,মুকুতাক সুধে
:- মুকুতা উঠা।
মুকুতাই বেঞ্চৰ পৰা উঠে। আৰু মুকুতা যোৱাকালিৰ কবিতাফাকি মুখস্থ মাতিবলৈ কোৱাত মাতি দিয়ে । আৰু তাৰ লগে লগে ইংৰাজী কবিতাৰ সাৰাংশ ক'ব নোৱাৰিলেওঁ ইয়াৰে দুই এট শব্দ অসমীয়াত ভাঙনি কৰিছে । মুকুতাৰ এনে পৰিৱৰ্তন ,হোৱা দেখি অবাক লাগি গৈছে । ভিতৰি ভিতৰি ভাৱিব লগা হৈছে ,অতদিনে কাজিয়া-পেচাল কৰি থকা ল'ৰাজনচোন চশমা পিন্ধা নম্ৰ ল'ৰা ।সি এতিয়া পিছৰ বেঞ্চতো নবহে ।আৰু এনেকৈ শ্ৰেণীকক্ষৰ পৰা প্ৰস্থান মাৰে । জয়া বাইদেওঁৱে সকলো সকলো শিক্ষকৰ আগত মুকুতাৰ নতুন চৰিত্ৰৰ বিষয়ে বৰ্ণনা কৰি দিয়ে। ইফালে খঙাল গণিতৰ শিক্ষকেওঁ ভাল পাইছে ,সেই চেগতে প্ৰমাণতো নিজ চকুৰে চাবলৈ মুকুতাহতৰ শ্ৰেণীলৈ যায়। গণিতৰ শিক্ষক জনে ৰঙা চকুৰ ভাওঁ ধৰি এচাৰি এটা লৈ প্ৰৱেশ কৰে আৰু মুকুতাক সুধে,ঠান মাতত আৰু সকলো ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য ক'য়
:- মুকুতা,কোৱাছোন? পাচ নগুন কিমান? আহঁ আৰু চবে চায় থাকা নেওঁতাখন ?
মুকুতাই থিয় হৈ কয়
:- চাৰ ,পাচ ন গুণ পঞ্চলিছ ।
:- চাৰি পাচ গুণ কিমান ?
:- চাৰ ,বিশ ।
:- পুৰণ নেওঁতাটো মূখস্থ মাতা ?
সি সলসলীয়াকৈ মাতে ।সকলোৰ আগত ,মুকুতাই মূখস্থ মাতা দেখি সকলোৰে আচৰিত । কোনোদিনে যোগ নেওঁতা মাতি নোপোৱাজনে পুৰণ নেওঁতা মূখস্থ মাতিছে ,আচৰিতটো হ'বই । এনে পৰিৱৰ্তন দেখি গনিতৰ শিক্ষকজনে পুৰস্কাৰ হিচাপে এটা কলমৰ উপহাৰ দিয়ে ।
এনেকৈ বিদ্যালয়ৰ জিৰণি ঘন্টা বাজি ক্ৰমে চুটী দিয়ে । মুকুতাৰ ফুৰ্তি অতদিনে গনিতৰ শিক্ষকজনে থপিনাত এছাৰি দিছিল আজি সি কিবা এটা পাৰাৰ বাবে কলা কলম এটা উপহাৰ পাইছে । সি ঘৰত গৈ পাইয়েই সকলো কথা মাকৰ আগত কৈছেগৈ ।আৰু যিটো সূখ মা'কে পাইছে ন'হয় ,যেতিয়া মুকুতা জন্ম হৈছিল তাতকৈয়ো অধিক ,এই ক্ষণত পাইছে । মা'কে মুকুতাৰ পৰা চশমাখন লৈ চুমা খায় । সিফালে দেউতাকে খবৰটো পায় উৎফুল্লিত ।অৱশ্যে সেইয়া কোনো পৰীক্ষাত পাছ হোৱাৰ ফলাফল ন'হয় এইয়া মুকুতাৰ সলনি হোৱাৰ ফলাফল। স্কুলৰ পৰাওঁ দেউতাকলৈ ফোন আহিছে মুকুতাৰ বিষয়ে ন'হলেতো আগত কিবা কাজিয়া কৰাৰ ,কাৰোবাৰ কিতাপ ফালি দিয়াৰ ইত্যাদি ইত্যাদি আহিছিল,আনন্দটো লাগিবই দিয়কচোন এজন দেউতা হিচাপে ।সেয়ে দেউতাকে মুকুতাৰ কাৰণে কিবা লৈ যাব বজাৰৰ পৰা ।
এনেকৈ পৰিৱৰ্তন হৈ গৈ এইটো পৰ্যায় পাইছেগৈ । সি এতিয়া অনুভৱ কৰিব পাৰিছে মোৰ গা'ত কোনো চুপাৰ পাৱাৰেই নাই,মাত্ৰ মোৰ গাত আহি গ'ল নিয়মানুৱৰ্তিতা,অধ্যৱসায়ী,মনোগ্ৰাহী,শান্ত,নম্ৰ আদি গুণবোৰ। যাৰ কাৰণে সি স্কুলৰ ভিতৰত আটাইতকৈ নম্বৰ পাইছে । আৰু এইয়াই মুকুতাৰ চশমাৰ চুপাৰ পাৱাৰৰ কাহিনী। সি এতিয়া আগলৈ ডাক্তৰ হোৱাৰ মনস্থ কৰিছে॥
0 Comments